জয়পুৰৰ পৰা আহমেদাবাদলৈ ৰয়েলছ ফেন এক্সপ্ৰেছ

0 52

চলিত ১৭ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ আজি নিশা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ নকআউট মেচখনত ৰয়েলছ দলক সমৰ্থন দিবলৈ জয়পুৰৰ পৰা এটা দুশ জনীয়া শিক্ষাৰ্থীৰ দল আহমেদাবাদলৈ আহিছে৷ ৰয়েলছ ফেন এক্সপ্ৰেছৰ সদস্যৰ দলটোৱে বাৰ ঘণ্টাৰ বাছ যাত্ৰা কৰি মৰণপণ প্লে-অফ মেচখনত নিজৰ মৰমৰ দলটোক ষ্টেডিয়ামত উপস্থিত থাকি উৎসাহিত কৰাৰ বাবে এই আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷

আহমেদাবাদলৈ অহা ছাত্ৰ-ছাত্ৰীসকল জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ৰ৷ জয়পুৰৰ যাত্ৰাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে প্লেকাৰ্ড আৰু বেনাৰ লৈ ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছন, অ’পেনাৰ যশস্বী জয়ছৱাল, অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগকে ধৰি তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ প্লে-কাৰ্ড লৈ সমৰ্থন প্ৰদৰ্শন কৰা দেখা গৈছিল৷ উল্লেখ্য যে এইবাৰ ৰাজস্থান ৰয়েলছ পুনৰ প্লে-অফলৈ যোগ্যতা অৰ্জন কৰাৰ বাবেই ২০২২ ৰ পাছত পুনৰ দলটোৱে ৰয়েলছ ফেন এক্সপ্ৰেছ অনুৰাগীৰ বাবে মুকলি কৰিছে৷

ৰয়েলছ ফেন এক্সপ্ৰেছ পুনৰ প্ৰৱৰ্তনৰ আঁৰৰ চিন্তাধাৰাৰ বিষয়ে মন্তব্য কৰি ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে কয় ‘আমি ৰয়েলছ ফেন এক্সপ্ৰেছ পুনৰ প্ৰৱৰ্তন কৰি ৰোমাঞ্চিত হৈছো৷ এইবাৰ জয়পুৰৰ পৰা দুশ গৰাকী ভাগ্যৱান ছাত্ৰ-ছাত্ৰীক আহমেদাবাদলৈ আনি তেওঁলোকক খেলপথাৰত গুৰুত্বপূৰ্ণ মেচখন উপভোগ কৰাৰ লগতে আমাক সমৰ্থন কৰাৰো সুযোগ দিছো৷ চলিত আই পি এল ছিজনত জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আমাক ঘৰুৱা মেচত অপৰিসীম সমৰ্থন দিছিল৷ সেয়ে আমি এই সুযোগ তেওঁলোকক দি আনন্দিত হৈছো৷’

ইফালে, আজিৰ প্লে-অফ মেচখনক লৈ ৰাজস্থান ৰয়েলছে দলটোৰ অনুৰাগীৰ বাবে অনলাইনত মেগা প্ৰতিযোগিতাও আৰম্ভ কৰিছিল৷ এই প্ৰতিযোগিতাৰ সৌভাগ্যবান বিজয়ীক দলটোৱে প্লে-অফ মেচখন উপভোগ কৰাৰ বাবে আহমেদাবাদলৈ নিয়াৰ কথা ঘোষণা কৰিছিল৷ অনুৰাগীৰ অহা-যোৱা তথা থকা-খোৱা খৰছ দলেই বহন কৰাৰ লগতে ৰয়েলছৰ ক্ৰিকেটাৰৰ লগত মত বিনিময় কৰাৰ সুযোগো লাভ কৰিব প্ৰতিযোগিতাৰ বিজয়ী অনুৰাগীয়ে৷ আজিৰ মেচত সেইসকল অনুৰাগীও উপস্থিত থাকে৷ ৰাজস্থান ৰয়েলছৰ অফিচিয়েল পাৰ্টনাৰ এইচ এম ডিৰ দ্বাৰা দলটোৰ সমৰ্থকৰ বাবে এই পদক্ষেপ লোৱা হয়৷

Leave A Reply

Your email address will not be published.