গুৱাহাটী, ১২ জুন, NKTV: অসমৰ শৈল্য চিকিৎসক ডা০ সুভাষ খান্নাই শুকুৰবাৰে এটা ৱেবিনাৰত সফলভাৱে লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। ডা০ সুভাষ খান্নাই ৬০ খন দেশৰ মুঠ ২৫০ জন শৈল্য চিকিৎসকৰ উপস্থিতিত এই লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰে। এই ৰব’টিক অস্ত্ৰোপ্ৰচাৰটোৰ সময়ত USA,RUSSIA,SPAIN আৰু বাংলাদেশৰ শৈল্য চিকিৎসকো উপস্থিত থাকে। ৱেবিনাৰখনত ডা০ সুভাষ খান্নায়ে চাৰ্জাৰিটোৰ লগত জড়িত বিভিন্ন সন্দেহ দূৰ কৰিবলৈ উত্তৰ দিয়াও পৰিলক্ষিত হয়। এই সফল অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰাৰ বাবে তেওঁক প্ৰশংসাও কৰা হৈছে। ৱেবিনাৰ খনত ডা০ খান্নায়ে ‘VERSIUS’ৰবটৰ জৰিয়তে এগৰাকী মহিলাৰ গল ব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে। ২০২০ বৰ্ষত ক্ৰয় কৰা এই ‘VERSIUS’ৰবটৰ জৰিয়তে এতিয়ালৈ মুঠ ১১০ টা সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছে। এই ৰবটৰ জৰিয়তে ৩ৰ পৰা ১০ মিটাৰ নিলগতো অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিব পৰা যায়। বৰ্তমান সমগ্ৰ দেশতে মুঠ ১২ টা’VERSIUS’ৰবট আছে। ইয়াৰে প্ৰথমটো পুনেত, দ্বিতীয়টো নাছিক আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালে ক্ৰয় কৰিছিল। প্ৰতিটো ৰবটৰ বিপৰীতে ২০ কোটি টকা ব্যয় সাপেক্ষে UKস্থিত কেম্ব্ৰিজ মেডিকেল ৰবটিক, চাৰ্জিকেল (চিএমআৰ)ৰ পৰা ‘VERSIUS’ৰবট ক্ৰয় কৰা হৈছিল।
Hi there! Do you know if they make any plugins to assist
with SEO? I’m trying to get my website to rank for some targeted keywords but I’m not seeing very good results.
If you know of any please share. Appreciate it! You can read similar article here: Eco blankets