তেজ কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব পৰা নাযায়, তেজ দান কৰিব লাগে। আপোনাৰ ৰক্তদানে তেজ প্ৰয়োজন হোৱা ব্যক্তিৰ পুনৰ জীৱনদান কৰিব পাৰে। প্ৰতি বছৰে ভাৰতবৰ্ষক ২৫০ ছি ছি ৰ ৪০ লাখ একক তেজৰ প্ৰয়োজন হয়। কিন্তু মাত্ৰ ৫০০০০০ একক তেজহে উপলব্ধ হয় ভাৰতত। তেজ হৈছে জীৱনী তৰল যি জীৱনৰ ভেটি। তেজ ৬০ শতাংশ তৰল আৰু ৪০ শতাংশ গোটা পদাৰ্থৰে তৈয়াৰী। তেজৰ তৰল পদাৰ্থবিধক প্লাজমা বোলা হয়। তেজৰ প্লাজমাত ৯০% পানী আৰু ১০% পুষ্টি, হৰমন থাকে। এইবোৰ অতি সহজে খাদ্য, ঔষধ আদিৰ দ্বাৰা পৰিপুৰিত হয়। তেজৰ গোটা ভাগটোত থকা শ্বেতৰক্ত কনিকা, লোহিত ৰক্তকনিকা আৰু প্লেটলেটবোৰ নোহোৱা হ’লে পৰিপূৰণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। এনে কাৰণত আপোনাৰ ৰক্তদানৰ প্ৰয়োজনীয়তা আহি পৰে। এনে গোটা অংশ নোহোৱা হ’লে ইয়াক পৰিপূৰণ কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাৰ ভিতৰত ৰোগীৰ মৃত্যুও হ’ব পাৰে।
ৰক্তদান কৰিলে আনৰ লগতে নিজৰ বহু উপকাৰ হয়। নিয়মীয়া ৰক্তদান কৰা মানে আপোনাৰ শৰীৰৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা। ৰক্তদান কৰিলে কি কি উপকাৰ হয় আপুনি জানেন? ৰক্তদান কৰিলে হাৰ্টৰ অসুখ ৩৩% কমায়। ৰক্তদান কৰাৰ ফলত শৰীৰত নতুন ৰক্ত কণিকাৰ সৃষ্টি বৃদ্ধি কৰে। ৰক্তদান কৰিলে কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আহে। ব্লাড চুগাৰ নিয়ন্ত্ৰণত আহে আৰু মানসিক চিন্তা দূৰ কৰে। ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ ৫০ কেজি ওজনৰ যিকোনো লোকে ৰক্তদান কৰিব পাৰে।